নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ সভাকক্ষত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ দ্বিতীয়খন সভা অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাই জিলাখনত বৰ্তমান ৰূপায়ণ হৈ থকা স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছনৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। সভাত জিলাখনৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত পানী যোগান সন্দৰ্ভতো আলোচনা কৰা হয় । জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ প্ৰতিগৰাকী নাগৰিকে যাতে এই আঁচনিসমূহৰ সুবিধা সঠিকভাৱে লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
Assamese | July 17, 2025 1:46 PM | nagaon debasish sarma dc meeting
নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ সভা