নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছেঃ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয় যে ৰাজ্যখন বর্তমান শান্তিপূৰ্ণ আৰু সুস্থিৰ হৈ পৰাৰ লগতে দেশৰ বাকী অংশ আৰু বিশ্বৰ সৈতে ক্রমান্বয়ে সংযুক্ত হৈ পৰিছে। বিধানসভাৰ চলিত অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী ৰিঅ’ই কয় যে আজি নাগালেণ্ড কেইবা দশকৰ আগৰ তুলনাত বহু পৰিমাণে পৃথক, যিয়ে শান্তি, সংযোগ আৰু উন্নয়নৰ ক্ষেত্ৰখনত উল্লেখযোগ্য উন্নতি প্ৰতিফলিত কৰিছে।

তেওঁ উল্লেখ কৰে যে যোৱা পাঁচ বছৰত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ট যথেষ্ট উন্নত হৈছে আৰু ১৯৬৩ চনত আৰম্ভণিৰ পৰাই ইয়াৰ ইতিহাসৰ আটাইতকৈ শান্তিপূৰ্ণ পৰিস্থিতিৰ ভিতৰত অন্যতম বুলি তেওঁ অভিহিত কৰিছে। ৰিঅ’ই কয় যে ভূগর্ভস্থ কার্যকলাপ এই সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে। অথচ ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত ২৫৭ টাতকৈও অধিক ভূগর্ভস্থ কাৰ্য্যকলাপৰ ফলত ভূগর্ভস্থ কেডাৰ আৰু সাধাৰণ নাগৰিককে ধৰি ১২০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল।

ইফালে আন্তঃগোষ্ঠীয় সংঘৰ্ষৰ লগতে ছয়জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হয়। তেওঁ লগতে কয় যে পূৰ্বৰ অশান্তিময় পৰিস্থিতিৰ বৰ্তমান শাম কটাৰ লগতে নাগালেণ্ডৰ শান্তিপূর্ণ আইন-শৃংখলা পৰিস্থিতি আৰু অধিক উন্নত হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ হ্ৰাস পাইছে। ৰাজ্যখনত বৰ্তমান প্রতি লাখ জনসংখ্যাত ৫.১ শতাংশ মহিলাৰ বিৰুদ্ধে হিংসা সংঘটিত হোৱা বিপৰীতে ৰাষ্ট্ৰীয় হাৰ প্ৰতি লাখ মহিলাৰ বিপৰীতে ৬৪.৬ শতাংশ।