September 5, 2026 10:12 AM

views 12

নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছেঃ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই কয় যে ৰাজ্যখন বর্তমান শান্তিপূৰ্ণ আৰু সুস্থিৰ হৈ পৰাৰ লগতে দেশৰ বাকী অংশ আৰু বিশ্বৰ সৈতে ক্রমান্বয়ে সংযুক্ত হৈ পৰিছে। বিধানসভাৰ চলিত অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে আজি নাগালেণ্ড কেইবা দশকৰ আগৰ তুলনাত বহু পৰিমাণে পৃথক, যিয়ে শান্তি, সংযোগ আৰু উন্নয়নৰ ক্ষেত্ৰখনত উল্লেখযোগ্য উন্নতি প্ৰতিফলিত কৰিছে। তেওঁ উল্লেখ কৰে যে যোৱা পাঁচ বছৰত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ট যথেষ্ট উন্নত হৈছে আৰু ১৯৬৩ চনত আৰম্ভণিৰ পৰাই ইয়াৰ ইতিহাসৰ আটাইতকৈ শান্তিপূৰ্ণ পৰ...