প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ এঘাৰ বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠানৰ লাইভ স্ট্রিমিং কৰা হ’ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰই ৰীলে কৰিব। নিশা ৮ বজাত এই অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ কৰা হ’ব।
Assamese | August 30, 2025 10:24 PM | Maan ki Baat
আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’