ভাৰত বিশ্বৰ সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী আৰু পৰৱৰ্তী ৫ বছৰত দেশত দুগ্ধ উৎপাদন বৰ্তমানৰ ২৩ কোটি ৯০ লাখ মেট্রিকটনৰ পৰা ৩০ কোটি মেট্রিকটনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰিছে। লোকসভাত আজি শ্রীসিঙে কয যে ২০১৪ চনত ৰাষ্ট্ৰীয় গোকুল অভিযান আৰম্ভ কৰাৰ পাছৰে পৰা দেশত দুগ্ধ উৎপাদন ৬৩ দশমিক ৫ শতাংশ বৃদ্ধি পাইছে। তেওঁ লগতে পৰৱৰ্তী ৩ টা বছৰত দুগ্ধ উৎপাদন আৰু ১৫ শতাংশ বৃদ্ধি পাব বুলি আস্থা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত প্ৰায় ১০ কোটি লোক দুগ্ধ উৎপাদনৰ সৈতে জড়িত হৈ আছে আৰু ইয়াৰে ৭৫ শতাংশই মহিলা। দেশত প্ৰতিদিনে গাইপতি সেৱন কৰা গাখীৰৰ পৰিমাণ ৪৭১ গ্রাম বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | March 25, 2025 8:37 PM | bill
পৰৱৰ্তী ৫ বছৰত দেশত দুগ্ধ উৎপাদন ৩০ কোটি মেট্রিকটনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি ৰাজীৱ ৰঞ্জন সিঙৰ প্ৰকাশ