March 25, 2025 8:37 PM

views 33

পৰৱৰ্তী ৫ বছৰত দেশত দুগ্ধ উৎপাদন ৩০ কোটি মেট্রিকটনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি ৰাজীৱ ৰঞ্জন সিঙৰ প্ৰকাশ

ভাৰত বিশ্বৰ সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী আৰু পৰৱৰ্তী ৫ বছৰত দেশত দুগ্ধ উৎপাদন বৰ্তমানৰ ২৩ কোটি ৯০ লাখ মেট্রিকটনৰ পৰা ৩০ কোটি মেট্রিকটনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰিছে। লোকসভাত আজি শ্রীসিঙে কয যে ২০১৪ চনত ৰাষ্ট্ৰীয় গোকুল অভিযান আৰম্ভ কৰাৰ পাছৰে পৰা দেশত দুগ্ধ উৎপাদন ৬৩ দশমিক ৫ শতাংশ বৃদ্ধি পাইছে। তেওঁ লগতে পৰৱৰ্তী ৩ টা বছৰত দুগ্ধ উৎপাদন আৰু ১৫ শতাংশ বৃদ্ধি পাব বুলি আস্থা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত প্...

October 14, 2024 12:11 PM

views 48

ৰাজ্যৰ ১২৯ খন বিল পুনৰ উদ্ধাৰ বাবে ৭৯৬ কোটি টকা ব্যয় সাপেক্ষ আঁচনি প্ৰস্তুত

ৰাজ্যৰ ১২৯ খন বিল পুনৰ উদ্ধাৰ আৰু উজ্জীৱিত কৰাৰ বাবে ৭৯৬ কোটি টকা ব্যয় সাপেক্ষ এখন আঁচনি প্ৰস্তুত কৰা হৈছে। এই আঁচনিখনে তিনি হাজাৰ ৮০০ হেক্টৰ ভূমি সামৰি ল'ব। ৰাজ্যৰ বিলসমূহ পুনৰ উজ্জীৱিত কৰি বান সমস্যাৰ মোকাবিলা কৰাৰ এক অভিলাসী আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিখনৰ আন এটা উদ্দেশ্য হৈছে ৰাজ্যৰ মাছৰ উৎপাদন বৃদ্ধি কৰা। এই আঁচনিৰ অধীনত ইতিমধ্যে ১৯০ খন বিল বাছনি কৰা হৈছে যদিও প্রথম পৰ্যায়ত ১২৯ খন বিলক আঁচনিখনে সামৰি ল'ব। বিলসমূহত খনন চলাই পানীধাৰণ ক্ষমতা বৃদ্ধি কৰি উজ্জীৱিত কৰাৰ পৰিকল্পনা কৰা হৈছে।