তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ হ‘ব। এন্নেমেৰী জেচিৰৰ ছবি ‘পেলেষ্টাইন ৩৬‘ৰ জৰিয়তে এই চলচ্চিত্র মহোৎসৱৰ শুভাৰম্ভ কৰা হ‘ব। ‘পেলেষ্টাইন ৩৬‘ নামৰ উদ্বোধনী ছবিখনে বহুল প্রশংসা লাভ কৰাৰ লগতে টকিঅ‘ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। আজিৰ পৰা ১৯ ডিচেম্বৰলৈ হ‘বলগীয়া এই মহোৎসৱত সমসাময়িক আৰু ঐতিহাসিক চিনেমাৰ ৮ দিনীয়া প্রদর্শনীৰ আয়োজন কৰা হৈছে। এই চলচ্চিত্র মহোৎসৱত মৰিচানৰ চলচ্চিত্র নির্মাতা আৰু আফ্রিকান চিনেমাৰ প্ৰভাৱশালী কণ্ঠস্বৰ আব্দেৰহমানে চিছাকোক জীৱনজোৰা সাধনা বঁটা প্রদান কৰা হ‘ব।
Assamese | December 12, 2025 12:22 PM | Kerela
তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ