December 12, 2025 12:22 PM

views 22

তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ

তিৰুৱনন্তপুৰমত আজি কেৰালাৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰম্ভ হ'ব। এন্নেমেৰী জেচিৰৰ ছবি 'পেলেষ্টাইন ৩৬'ৰ জৰিয়তে এই চলচ্চিত্র মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। 'পেলেষ্টাইন ৩৬' নামৰ উদ্বোধনী ছবিখনে বহুল প্রশংসা লাভ কৰাৰ লগতে টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। আজিৰ পৰা ১৯ ডিচেম্বৰলৈ হ'বলগীয়া এই মহোৎসৱত সমসাময়িক আৰু ঐতিহাসিক চিনেমাৰ ৮ দিনীয়া প্রদর্শনীৰ আয়োজন কৰা হৈছে। এই চলচ্চিত্র মহোৎসৱত মৰিচানৰ চলচ্চিত্র নির্মাতা আৰু আফ্রিকান চিনেমাৰ প্ৰভাৱশালী কণ্ঠস্বৰ ...

June 1, 2024 2:46 PM

views 57

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে। ৰাজ্যখনৰ মালাপ্পুৰম, কোঝিকোৰ, ৱায়ানাড আৰ্ণাকুলম আৰু ইডুক্কি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যখনত কাইলৈ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে৷ কাইলৈ পৰ্যন্ত দক্ষিণ কেৰালা আৰু লাক্ষাদ্বীপ অঞ্চলত মাছমৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।