January 30, 2025 6:37 PM | Kamrup

printer

কামৰূপ মহানগৰ জিলাৰ ১৯ গৰাকী অৱসৰ ল’বলগীয়া শিক্ষক-কর্মচাৰীক নথি-পত্ৰ প্রদান

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ পৰা কাইলৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰধান শিক্ষক, বিষয় শিক্ষক, সহকাৰী শিক্ষক তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ ১৯ গৰাকীক আজি পেন্সন সম্বন্ধীয় প্রয়োজনীয় নথি-পত্ৰসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ পাণবজাৰত আয়োজিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অৱসৰ ল‘বলগীয়া আটাইগৰাকী শিক্ষক-কর্মচাৰীক এই নথি-পত্ৰসমূহ প্রদান কৰে। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা উপস্থিত
থাকে ৷