কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ কৰ নিদিয়া বাণিজ্যিক বাহনসমূহৰ গৰাকীলৈ জিলা পৰিবহন বিভাগে ৩১ মাৰ্চৰ পূৰ্বে কৰ জমা দিবলৈ জাননী প্ৰেৰণ কৰিছে। বিগত এসপ্তাহ ধৰি বিভাগটোৰ বিষয়া- কৰ্মচাৰীসকলে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ জাননী দিয়াৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰ জমা দিবলৈ আহ্বান জনাইছে। ইয়াৰ অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ‘ব বুলি জিলা পৰিবহন বিষয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কামৰূপ জিলা পৰিবহন বিভাগে ২০২৪-২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে মুঠ ৫৪ কোটি ৪০ লাখ ৮৬ হাজাৰ ৮৪৫ টকাৰ কৰ সংগ্ৰহ কৰিছে আৰু বৰ্তমানেও ১০ হাজাৰৰো অধিক লঘু আৰু গধুৰ বাণিজ্যিক বাহনে এতিয়াও কৰ দিবলৈ বাকী আছে বুলি বিভাগে প্ৰকাশ কৰিছে।
Assamese | March 6, 2025 5:59 PM | Kamrup
কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ বাণিজ্যিক বাহনৰ গৰাকীলৈ জিলা পৰিবহন বিভাগৰ জাননী প্ৰেৰণ