সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ন্যাসৰ উপ সভাপতি সঞ্জীৱ ফুকনে কয়, যে আজি কমলা শইকীয়া ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীত যশস্বী সাংবাদিক, লেখক, গৱেষক, মানৱাধিকাৰ প্ৰবক্তা সঞ্জয় হাজৰিকাই স্মাৰক বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু চিত্ৰশিল্পী, কাৰ্টুনিষ্ট চম্পক বৰবৰাক ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব। উল্লেখযোগ্য যে, সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সহযোগত ২০০২ চনৰ পৰা প্ৰতি বছৰে আজিৰ এই দিনটোতে অসমৰ প্ৰথমজন শ্বহীদ সাংবাদিক, মুক্তিযোদ্ধা, সমাজকৰ্মী কমলা শইকীয়াৰ স্মৃতিত স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰি আহিছে।
Assamese | August 9, 2025 12:18 PM | kamala saikia
গুৱাহাটীত আজি সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠান