বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- সুস্থ বাৰ্ধক্যৰ বাবে যোগ আৰু ইয়াৰ জৰিয়তে সুস্থ, সক্রিয় আৰু মৰ্যাদাপূর্ণ বাৰ্ধক্যৰ বাবে যোগাভ্যাসক জীৱনজোৰা সাধনা হিচাপে আঁকোৱালি লোৱাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগাভ্যাসৰ নেতৃত্ব দিয়ে। অনুষ্ঠানত যোগৰ প্ৰতি আগ্রহী হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি দেশ-বিদেশৰ অগণন লোকে ভার্চুৱেল ব্যৱস্থাৰে ভাগ লয়। এই অনুষ্ঠানে স্বাস্থ্য, সম্প্রীতি আৰু সমূহীয়া কল্যাণৰ প্ৰসাৰৰ বিশ্বব্যাপী বিপ্লৱ হিচাপে যোগৰ ক্ৰমবর্ধমান ভূমিকাক পুনৰ সুদৃঢ় কৰে।

ইপিনে, সাংস্কৃতিক মন্ত্রালয়ে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য বিজড়িত এশটা ঐতিহাসিক স্থানত বিশেষ যোগাভ্যাসৰ আয়োজন কৰে। এই উদ্যমৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, ওড়িশাৰ কোনার্ক, কৰ্ণাটকৰ হাস্পী, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাত হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়।