June 21, 2026 6:31 PM

views 22

অসমৰ বিভিন্ন জিলাত যোগ দিৱস পালন

দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। দৰং জিলাতো আজি যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেতীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কর্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কার্যসূচীত ৩৫ জনতকৈ অধিক লোকে ৰক্তদান কৰে। শ্রীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰিণ জল পৰিৱহন টার্মিনেলত আজি জিলা প্রশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, এন এইচ এন আৰু আয়ুষ...

June 21, 2026 12:49 PM

views 24

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন উপলক্ষে গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, স্বাস্থ্য মন্ত্রী অশোক সিংহল আৰু পর্যটন মন্ত্রী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বিভিন্ন প্ৰান্তত ২৩ হাজাৰৰো অধিক গাঁৱৰ ৩৭৩৮৩ টা স্থানত ...

June 21, 2026 10:41 AM

views 27

বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- সুস্থ বাৰ্ধক্যৰ বাবে যোগ আৰু ইয়াৰ জৰিয়তে সুস্থ, সক্রিয় আৰু মৰ্যাদাপূর্ণ বাৰ্ধক্যৰ বাবে যোগাভ্যাসক জীৱনজোৰা সাধনা হিচাপে আঁকোৱালি লোৱাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগাভ্যাসৰ নেতৃত্ব দিয়ে। অনুষ্ঠানত যোগৰ প্ৰতি আগ্রহী হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ...

June 14, 2026 10:59 AM

views 56

আন্তঃৰাষ্ট্ৰীয় যোগ দিবস ২০২৬ উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰ্যালয়ৰ বিশ্বব্যাপী অনলাইন যোগ কার্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিবস ২০২৬ উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰ্যালয়ে মোৰাৰ্জী দেশাই ৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠান আৰু হেবিল্ডৰ সহযোগত আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কার্যসূচী অনুষ্ঠিত কৰিছে। পুৱা ৬-১৫ মিনিটত আৰম্ভ হোৱা এই কাৰ্যসূচী পুৱা ৭-৩৫ মিনিটত সমাপ্ত হ'ব। এই অনলাইন যোগাসন কার্যসূচীত ১৩০ খনতকৈও অধিক দেশে অংশগ্রহণ কৰিছে। আয়ুষ মন্ত্ৰী প্ৰতাৰ ৰাও যাদৱেও এই কাৰ্যসূচী অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰ্যালয়ে কয়, যে এই অনুষ্ঠানৰ লক্ষ্য হৈছে ইউ টিউব লাইভ যোগা স্ট্রিমৰ বাবে সর্বাধিক দৰ্শকৰ নতুন বিশ্ব অভিলেখ গঢ়...