অসমৰ বিভিন্ন জিলাত যোগ দিৱস পালন

দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। দৰং জিলাতো আজি যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেতীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কর্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কার্যসূচীত ৩৫ জনতকৈ অধিক লোকে ৰক্তদান কৰে।

শ্রীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰিণ জল পৰিৱহন টার্মিনেলত আজি জিলা প্রশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, এন এইচ এন আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱস পালন কৰা হয়।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষেন্দু পাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কার্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২৩ হাজাৰৰো অধিক গাঁৱৰ ৩৭,৩৮৩ টা স্থানত আজি যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ ৩২ লাখৰো অধিক সদস্যাই অংশগ্ৰহণ কৰে।