আন্তঃৰাষ্ট্ৰীয় যোগ দিবস ২০২৬ উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰ্যালয়ে মোৰাৰ্জী দেশাই ৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠান আৰু হেবিল্ডৰ সহযোগত আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কার্যসূচী অনুষ্ঠিত কৰিছে। পুৱা ৬-১৫ মিনিটত আৰম্ভ হোৱা এই কাৰ্যসূচী পুৱা ৭-৩৫ মিনিটত সমাপ্ত হ’ব। এই অনলাইন যোগাসন কার্যসূচীত ১৩০ খনতকৈও অধিক দেশে অংশগ্রহণ কৰিছে। আয়ুষ মন্ত্ৰী প্ৰতাৰ ৰাও যাদৱেও এই কাৰ্যসূচী অংশগ্ৰহণ কৰিছে।
আয়ুষ মন্ত্ৰ্যালয়ে কয়, যে এই অনুষ্ঠানৰ লক্ষ্য হৈছে ইউ টিউব লাইভ যোগা স্ট্রিমৰ বাবে সর্বাধিক দৰ্শকৰ নতুন বিশ্ব অভিলেখ গঢ়ি তোলা। মন্ত্ৰ্যালয়ে সমগ্ৰ বিশ্বৰ জনসাধাৰণক যোগাসনকাৰী শিক্ষানুষ্ঠান আৰু প্রবাসী ভাৰতীয়সকলক এই কার্যসূচীত যোগদান কৰি ঐতিহাসিক প্রচেষ্টাত অৰিহণা যোগাবলৈ আমন্ত্রণ জনায়। এই পদক্ষেপে যোগৰ সাৰ্বজনীন আৰু সামগ্রিক প্ৰসাৰৰ বাবে শক্তিশালী আহিলা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।
বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণৰ জৰিয়তে এই কার্যসূচীয়ে ভৌগোলিক, সাংস্কৃতিক আৰু ভাষাৰ সীমা অতিক্ৰম কৰা জীৱন শৈলী হিচাপে যোগ বার্তাক শক্তিশালী কৰাটোৱে হৈছে এই অনুষ্ঠানৰ মূল লক্ষ্য।