দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, স্বাস্থ্য মন্ত্রী অশোক সিংহল আৰু পর্যটন মন্ত্রী অজন্তা নেওগে ভাগ লয়।
অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বিভিন্ন প্ৰান্তত ২৩ হাজাৰৰো অধিক গাঁৱৰ ৩৭৩৮৩ টা স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ ৩২ লাখৰো অধিক সদস্যাই অংশগ্রহণ কৰে।