ভাৰতীয় ধবজা বহন কৰা দেশ বৈভৱ, দেশ বিভোৰ আৰু ছনমাৰ হেৰাল্ড নামৰ খাৰুৱা তেল পৰিবাহী তিনিখন টেংকাৰে সফলতাৰে হৰমুজ প্রণালীক অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। টেংকাৰ তিনিখনে ৮ লাখ ৬০ হাজাৰ মেট্রিক টনৰো অধিক খাৰুৱা তেল কঢ়িয়াই আনিছে।
শ্রীসোণোৱালে সামাজিক মাধ্যমযোগে প্রকাশ কৰা মতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বত চৰকাৰে দেশৰ সামুদ্রিক স্বার্থ সুৰক্ষিত কৰাৰ বাবে সৰ্বাধিক অগ্রাধিকাৰ দি আহিছে। শ্রীসোণোৱালে কয়, যে তেওঁৰ মন্ত্ৰ্যালয়ে ভাৰতৰ নাৱিক আৰু শক্তিখণ্ডৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে সংশ্লিষ্ট সকলো সংস্থাৰ সৈতে সমন্বয়েৰে কাম কৰি আছে।