অহা ৬ জুলাইত আৰম্ভ হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ’ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত এখন বাস্তৱমুখী বাজেট জনসাধাৰণক দিব পাৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা ১০ জুলাইত সদনত নৱগঠিত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব।