July 21, 2026 1:18 PM

views 29

ৰাজ্যত একাংশ অসাধু ব্যৱসায়ীৰ কৰফাঁকি ৰোধৰ বাবে কৰ সংগ্ৰহকাৰী বিষয়াক কঠোৰ হ’বলৈ নিৰ্দেশ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হ’বলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱাকৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে।  একাংশ ব্যৱসায়ীয়ে যাত্রীবাহী বাছত সামগ্রী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ ল'বলৈ আহ্বান জনায়। আনহাতে, কৰ ফ...

June 29, 2026 12:41 PM

views 26

অহা ৬ জুলাইত আৰম্ভ হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ’বঃ বিত্তমন্ত্ৰী জয়ন্ত মল্লৱৰুৱা

অহা ৬ জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত এখন বাস্তৱমুখী বাজেট জনসাধাৰণক দিব পাৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা ১০ জুলাইত সদনত নৱগঠিত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব।