ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হ’বলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱাকৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে।
একাংশ ব্যৱসায়ীয়ে যাত্রীবাহী বাছত সামগ্রী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়। আনহাতে, কৰ ফাঁকিৰ বাবে এচাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা নথিসমূহ ভালদৰে চালি-জাৰি চাবলৈ তেওঁ নিৰ্দেশ দিয়ে।