অসমৰ সীমান্তৱৰ্তী ৯ খন জিলাৰ ১৪০ খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্রেন্ট ভিলেজ শীর্ষক অভিলাসী আঁচনি

ৰাজ্যৰ সীমান্তৱৰ্তী ৯ খন জিলাৰ ১৪০ খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্রেন্ট ভিলেজ শীর্ষক অভিলাসী আঁচনি গ্ৰহণ কৰা হৈছে। অসম বিধানসভাত কালি বিৰোধী দলপতি বাজেদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্রী অতুল বৰাই এই বিষয়ে উল্লেখ কৰি কয়, যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তবর্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে ২০২৫-২৬ বিত্তীয় বর্ষত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

ইয়াৰ অধীনত প্ৰাৰম্ভিক পর্যায়ত ৯ খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কাছাৰ আৰু শ্রীভূমি জিলাৰ ১৪০ খন গাঁৱক সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহত সর্বকালীন পথ সংযোগ, দূৰ সংযোগ, বিদ্যুৎ গ্রীড আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে বুলি সদনক জানিবলৈ দিয়ে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু নাগালেণ্ডৰ বাহিৰে অন্য ৰাজ্যকেইখনৰ সৈতে থকা সীমা বিবাদ প্রায় নিষ্পত্তি হৈছে বুলি তেওঁ কয়।

শ্রী বৰাই কয়, যে মেঘালয়ৰ সৈতে ছটা অঞ্চলৰ বিবাদ ইতিমধ্যে নিষ্পত্তি হৈছে আৰু ছটা অঞ্চলৰ বিবাদ নিষ্পত্তিৰ বাবে আলাপ-আলোচনা চলি আছে বুলি তেওঁ কয়।