July 23, 2026 11:42 AM

views 24

অসমৰ সীমান্তৱৰ্তী ৯ খন জিলাৰ ১৪০ খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্রেন্ট ভিলেজ শীর্ষক অভিলাসী আঁচনি

ৰাজ্যৰ সীমান্তৱৰ্তী ৯ খন জিলাৰ ১৪০ খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্রেন্ট ভিলেজ শীর্ষক অভিলাসী আঁচনি গ্ৰহণ কৰা হৈছে। অসম বিধানসভাত কালি বিৰোধী দলপতি বাজেদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্রী অতুল বৰাই এই বিষয়ে উল্লেখ কৰি কয়, যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তবর্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে ২০২৫-২৬ বিত্তীয় বর্ষত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অধীনত প্ৰাৰম্ভিক পর্যায়ত ৯ খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, ধুবু...