স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত দিনৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৬ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। তদুপৰি অহা ২৪ ঘণ্টাত অসম আৰু অৰুণাচল প্ৰদেশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডত বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।
Assamese | March 1, 2025 1:28 PM | Guwahati Weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব