স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৰু দিনৰ ভাগত বতৰ ফৰকাল থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ২৭ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৪ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ধুমুহা গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে অসম, মেঘালয়, মিজোৰাম আৰু মণিপুৰত ঠাই বিশেষে পাতলীয়া বৰষুণৰ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
Assamese | February 21, 2025 12:13 PM | Guwahati Weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল থকাৰ সম্ভাৱনা