স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অৰুণাচলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ লগতে ঠাই বিশেষে কম-বেছি পৰিমাণে কুঁৱলী পৰিব বুলি আগলি বতৰা দিছে।
Assamese | February 6, 2025 12:15 PM | Guwahati Weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা