বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ৰাজ্যৰ ঠাই বিশেষে পুৱা আৰু নিশাৰ ভাগত ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৪ দশমিক ৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২ দশমিক ৫ ডিগ্রী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।
Assamese | December 12, 2024 12:08 PM | Guwahati Weather
গুৱাহাটীৰ লগতে উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব