কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিশ্ববিদ্যালয়সমূহলৈ গৱেষণা আৰু উন্নয়নৰ বাবে দিয়া ধন সামগ্ৰি আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ পৰা ৰেহাই দিয়া হ‘ব বুলি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ঘোষণা কৰিছে। এই ক্ষেত্ৰত আইকৰ ৰেহাইৰ সুবিধা লাভ কৰা বিশ্ববিদ্যালয়সমূহেও ইয়াৰ পৰা উপকৃত হ‘ব। কালি সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ বৈঠকৰ অন্তত বিত্ত মন্ত্ৰীগৰাকীয়ে সংবাদ মেল যোগে এইদৰে কয়। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ইয়াৰ বাবে সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক ধন্যবাদ জ্ঞাপন কৰিছে। পৰিষদে গ্ৰহণ কৰা এই উদ্যোগে অত্যাধুনিক গৱেষণাৰ বাবে উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে অধিক ধনৰ উপলব্ধতা সুনিশ্চিত কৰিব বুলি তেওঁ মন্তব্যত প্ৰকাশ কৰে।
Assamese | September 10, 2024 12:18 PM | GST
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিশ্ববিদ্যালয়সমূহলৈ গৱেষণা আৰু উন্নয়নৰ বাবে দিয়া ধনৰ জি এছ টি ৰেহাই