September 14, 2026 1:13 PM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম তাৰিখলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপি প্রার্থী দেবাশীষ শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। প্ৰাৰ্থীগৰাকীয়ে কালি নগাঁও জিলা বিজেপি কাৰ্যালয়ত দলৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ১৬ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ্গৰাকীয়ে মনোনয়ন পত্র দাখিল কৰিব বুলি জানিবলৈ দিয়ে।

বিজেপিৰ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ গড়াজান মণ্ডলৰ উদ্যোগত কালি যোগদান কার্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়। ইপিনে মন্ত্রী পীযূষ হাজৰিকা আৰু বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত কালি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত বিজেপিৰ নগাঁও- বটদ্ৰৱা সমষ্টিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে সমাগত উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়।

কংগ্ৰেছ দলে এইপর্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। ইপিনে বিৰোধী ঐক্যমঞ্চই ৰাইজৰ দলক বাদ দি বৈঠক অনুষ্ঠিত কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাইলৈ এই উপ-নির্বাচনক লৈ দলীয় স্থিতি ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে কাইলৈ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত হ’বলগীয়া সংবাদমেলত নির্বাচন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা হ’ব।

এ আই ইউ ডি এফ দলেও শীঘ্ৰে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব বুলি প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰ আগত প্ৰকাশ কৰে। দলৰ হৈ ৰেজাউল কৰিম সৰকাৰক প্রার্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।