October 3, 2026 9:16 PM
7
জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰা হৈছে
সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক আৰু অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইকথা সদৰি কৰে। তেওঁ কয়, যে বিগত সময়ত এনে তথ্যৰ ভিত্তিত জি এছ টিত ফাঁকি দিয়া ভালেসংখ্যক লোকক ধৰা পেলোৱা হৈছে। ভুৱা আই টি চি ব্যৱহাৰ কৰা ভালেসংখ্যক লোককো ধৰা পেলোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। জি এছ টি খণ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীস...