সামগ্ৰী আৰু সেৱাকৰ জি এছ টি পৰিষদে কৰ বিষয়াসকলৰ গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ প্ৰত্যাহাৰ কৰিছে আৰু আইনী প্ৰক্ৰিয়াৰ বাবে ন্যূনতম সীমা ১ কোটিৰ পৰা ৫ কোটি টকালৈ বৃদ্ধি কৰিছে।
প্ৰতিটো গোচৰত জৰিমনা, কাৰাবাস বা দুয়ো ধৰণৰ শাস্তিৰ বিষয়টো ন্যায়ালয়ৰ বিবেচনাৰ ওপৰত এৰি দিয়া হৈছে। পলমকৈ কৰ দাখিল কৰা, কৰ দাখিলত ভুল কৰা বা পৰিশোধ কৰাত ব্যর্থ হোৱা কৰাতাসকলে পুনৰুদ্ধাৰ, সুদ আৰু আনুপাতিক জৰিমনা ভৰিব লাগিব। জি এছ টি পৰিষদৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, যে পৰিষদে জি এছ টিৰ অধীনত গ্ৰেপ্তাৰৰ ক্ষমতা প্ৰত্যাহাৰৰ আৰু আইনী প্ৰক্ৰিয়াৰ বাবে ন্যূনতম সীমা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে।
তেওঁ কয়, যে জি এছ টি পৰিষদৰ বৈঠকত হাৰৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰা হোৱা নাই আৰু হাৰ পৰিকাঠামো ইতিমধ্যে নিশ্চিত কৰা হৈছে। তেওঁ কয়, যে পৰিষদে জাননী আৰু ব্যৱস্থা গ্ৰহণৰ বাবে উমৈহতীয়া মান সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে।
১০ হাজাৰ টকাৰ নিৰ্ধাৰিত মোদ্রিক সীমাৰ কম হ’লে জাননী জাৰি কৰা নহ’ব আৰু ১০ হাজাৰ কম টকাৰ বিচাৰাধীন জাননীসমূহো প্ৰত্যাহাৰ কৰা হ’ব।