এ আই গৱৰ্ননেন্স, শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আইসহ ৬টা প্রতিষ্ঠানৰে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাজ্য চৰকাৰে এ আই গৱৰ্ণনেন্স, শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আই সহ ৬টা প্রতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলিপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল এ আই, আই আই টি মাদ্রাজ, একষ্টেপ, কেনভা এডুকেচন, এডুকেট গাৰ্লছ আৰু বোধন এ আইৰ সৈতে এই চুক্তি সম্পাদিত হয়।

বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে সমগ্ৰ শিক্ষাৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়, যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা ব্যৱস্থাত অধিকৰ পৰা অধিকতৰ এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে। স্কুলীয়া শিক্ষাক এ আইৰ মাধ্যমেৰে ভৱিষ্যৎমুখী কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ এ আইৰ জৰিয়তে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ পৰিকল্পনা প্রস্তুত কৰে।

ডিজিটেল কণ্টেট সৃষ্টি কৰা আদি বিষয়সমূহ সহজ হৈ পৰিব। তেওঁ কয়, যে ১ লাখ শিক্ষকক প্ৰশিক্ষিত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। বোধন এ আইয়ে শিক্ষকসকলক প্ৰশিক্ষিত কৰিব। একেদৰে একষ্টেপে গণিতৰ ক্ষেত্ৰখনত সহায় আগবঢ়াবয় ২০২৭ চনৰ মে’ মাহৰ ভিতৰত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় ১ লাখ শিক্ষকক প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ডিজিটেল সাক্ষৰতা, সৃষ্টিশীলতা, ডিজাইন থিংকিং আৰু উদ্ভাৱনী চিন্তাধাৰা বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে।

এই প্রতিষ্ঠানসমূহৰে হোৱা চুক্তিৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক প্রযুক্তি নিৰ্ভৰ অন্তৰ্ভুক্তিমূলক আৰু শিক্ষাকেন্দ্ৰীক কৰি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। একে সময়তে শিক্ষকসকলক অধিক সক্ষম কৰি তোলাৰ লগতে প্ৰতিগৰাকী শিশুৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে।