পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰ’কিক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাৰ্ছত পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰ’কিক সাক্ষাৎ কৰি ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্বৰ ইতিবাচক দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভাৰত-পোলেও সংসদীয় গোটৰ সদস্যসকলকো সাক্ষাৎ কৰি সমসাময়িক ভাৰত-পোলেণ্ড সম্পর্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে৷

ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰী জয়শংকৰে পোলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ৰাডছলাভ ছিকোৰস্কিক সাক্ষাৎ কৰি ২০২৪-২৮ চনৰ যুটীয়া কাৰ্য্য পৰিকল্পনাৰ অগ্ৰগতি পর্যালোচনা কৰে। খাদ্য, ইন্ধন আৰু সাৰ উপলব্ধতাৰ সৈতে জড়িত চলি থকা সংঘাত আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰী জয়শংকৰে কয় যে ভাৰত আৰু পোলেণ্ডে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিতর্ক গঢ় দিয়াত সহযোগিতা কৰিব পাৰে।

ছিকোস্কিৰ সৈতে যৌথভাৱে সংবাদ মাধ্যমক আগত ভাষণ দি তেওঁ কয় যে তেওঁলোকে ইউক্রেইনৰ সংঘাতকে ধৰি বিশ্ব আৰু আঞ্চলিক বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন সংঘাতৰ অন্ত পেলাবলৈ তেওঁ কূটনৈতিক প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে৷