উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে আজি শুনানীৰ সময়ত ই ভি এমৰ কাম-কাজক লৈ নিৰ্বাচন আয়োগক কেইবাটাও প্রশ্ন সোধে। আয়োগে কোনো পর্যায়তে ই ভি এমত বেমেজালি কৰাটো অসম্ভৱ বুলি আশ্বাস প্ৰদান কৰে। আয়োগে কয় যে, বৰ্তমানলৈকে ৪১ হাজাৰ ৬২৯ বাত ৪ কোটিৰো অধিক ভিভি পেট শ্লিপ মিলাই চোৱা হৈছে। বিচাৰপীঠখনে নির্বাচন আয়োগৰ প্ৰতি আস্থা প্ৰকাশ কৰি বেলট পেপাৰ ব্যৱস্থালৈ উভতি যোৱাৰ অৱধাৰণাৰ প্ৰতি অসন্মতি প্ৰকাশ কৰে। নির্বাচন আয়োগে কয় যে, সকলো ভিভি পেট শ্লিপ গণনা কৰাটো ব্যৱহাৰিকভাৱে সম্ভৱ নহয়। বর্তমান প্ৰতিটো বিধানসভা সমষ্টিৰ যিকোনো ৫ টা ই ভি এমৰ ভিভি পেট শ্লিপৰ সত্যাসত্য নিৰূপণ কৰা হয়। গণতান্ত্রিক সংস্কাৰ সংস্থাসহ আবেদনকাৰীসকলে দেশৰ ৯৭ কোটি পঞ্জীকৃত ভোটদাতাৰ অধিক স্বচ্ছ নির্বাচন প্ৰণালীৰ অধিকাৰ আছে বুলি যুক্তি আগবঢ়াইছে।
Assamese | April 24, 2024 8:47 PM | EVM | SC
ইভিএমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা আবেদনৰ ৰায় সুৰক্ষিত উচ্চতম ন্যায়ালয়ৰ