সেনাবাহিনীয়ে আয়োজন কৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত খেলখন অলপ পাছতে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ’ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমি ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক ৩-০ত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল।
Assamese | August 19, 2025 6:24 PM | Durand Cup
ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ