ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেটান্যাহুএ কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্রাম্পে অহা ৪ ফেব্ৰুৱাৰীত হোৱাইট হাউচলৈ তেওঁক আমন্ত্ৰণ জনাইছে। এই ভ্ৰমণৰ পাছত নেটান্যাহু হ‘ব ট্রাম্পৰ দ্বিতীয় কাৰ্যকালত ৱাছিংটন ভ্রমণ কৰা প্ৰথমজন বিদেশী নেতা। উল্লেখযোগ্য যে গাজাত ১৫ মাহ ধৰি চলি থকা বিধ্বংসী যুদ্ধ স্থগিত ৰখা যুদ্ধবিৰতি অব্যাহত ৰাখিবলৈ আমেৰিকাই ইজৰাইল আৰু হামাছক হেঁচা প্ৰয়োগ কৰাৰ সময়তে এই ভ্রমণ কাৰ্যসূচী হাতত লোৱা হৈছে।
Assamese | January 29, 2025 12:27 PM | Donald Trump
অহা ৪ ফেব্ৰুৱাৰীত হোৱাইট হাউচলৈ বেঞ্জামিন নেটান্যাহুক আমন্ত্ৰণ ড’নাল্ড ট্রাম্পৰ