নগাওঁ জিলা প্রশাসনে অহা ১৬ ডিচেম্বৰত ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা মাগুৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই আজি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটগুৰি, ৰৌমাৰী বিল, মৈৰাধবজ গাঁৱত থকা প্ৰাকৃতিক পানীৰ সুতি ৰুদ্ধ কৰি অবৈধভাৱে পুখুৰী বান্ধ নিৰ্মাণ কৰিছে। যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ যোৱাত গাওঁবাসীয়ে সমস্যাৰ সন্মুখীন হৈছে। প্ৰাকৃতিক পানীৰ সুঁতি পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৬ ডিচেম্বৰত এই অঞ্চলসমূহত উচ্ছেদ চলিব বুলি চক্ৰ বিষয়া সৌৰভ কুমাৰে জানিবলৈ দিছে।
Assamese | December 13, 2025 9:23 PM | dhing eviction
ধিং ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত অহা ১৬ ডিচেম্বৰত নগাওঁ জিলা প্রশাসনৰ উচ্ছেদ অভিযান