ভাৰতে সম্প্রতি অব্যাহত থকা সংঘৰ্ষৰ মাজত সকলো পক্ষকে সংযম বৰ্তাই ৰাখিবলৈ, উত্তেজনা হ্রাস কৰিবলৈ, জনসাধাৰণৰ সুৰক্ষা তথা শক্তি আৰু বাণিজ্যৰ নিৰৱচিন্ন প্ৰৱাহ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। নিউয়র্কত যোৱানিশা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিয়া ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে যুদ্ধৰ প্ৰভাৱ কেবল প্রত্যক্ষভাবে জড়িত ৰাষ্ট্ৰসমূহৰ মাজতে সীমাবদ্ধ নহয় বৰঞ্চ এনে ৰাষ্ট্ৰৰ সীমাৰ বাহিৰতো ইয়াৰ প্রতিক্রিয়া অনুভৱ কৰা হয়।
তেওঁ কয়, যে শত্রুৱে নিৰন্তৰ গোলকীয় নিৰাপত্তা বিঘ্নিত কৰাৰ লগতে প্ৰগতিৰ প্ৰতি ভাবুকি আৰু উন্নয়ন মন্থৰ কৰি তুলিছে। এই ক্ষেত্ৰত ভাৰতে বিশেষকৈ খাদ্য আৰু শক্তি সুৰক্ষা খণ্ডত পৰিস্থিতি উন্নত কৰাৰ বাবে সম্ভৱপৰ সকলো সহায়ৰ বাবে প্ৰস্তুত হৈ আছে বুলি ড° জয়শংকৰে মন্তব্য কৰে।
দীর্ঘদিনীয়া ৰাছিয়া-ইউক্রেইন সংঘৰ্ষৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বর্তমান চলি থকা যুদ্ধখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্রীয় চিন্তাৰ বিষয় হৈ পৰিছে। তেওঁ শত্রুতাৰ অন্ত পেলোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ কথা দোহাৰে। উপ সাগৰীয় সংঘর্ষ সন্দৰ্ভত ড° জয়শংকৰে কয়, যে এই সংঘৰ্ষত শত্রুতাই পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিছে।
ড° জয়শংকৰে উল্লেখ কৰে যে, ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ অধিকাৰ প্ৰয়োগ কৰিব। তেওঁ সীমা অতিক্ৰম কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰৰ পৃষ্টপোষকতাত চলা সন্ত্রাসবাদক গোলকীয় ব্যৱস্থাৰ বাবে প্রত্যক্ষ প্রত্যাহ্বান বুলি অভিহিত কৰে। এনে কাৰ্যৰ সৈতে জড়িত চৰকাৰসমূহক জবাবদিহি কৰাৰ লগতে সন্ত্রাসবাদৰ বিত্তীয় সাহায্য উদঙাই দি ইয়াক প্রতিহত কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত ড° জয়শংকৰে কয়, যে দেশসমূহে ৰাষ্ট্ৰীয় অগ্রাধিকাৰৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ আৰ্হি আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। ভাৰতে গোলকীয় দক্ষিণৰ সৈতে থকা অংশীদাৰিত্ব কাৰ্যসূচীৰ অংশহিচাপে কৃত্রিম বুদ্ধিমত্তা গঢ়ি তুলিব বুলি তেওঁ উল্লেখ কৰে। ড° জয়শংকৰে কৃত্রিম বুদ্ধিমত্তাক মানুহক সবল কৰিব পৰা, অর্থনৈতিক বিকাশত সমর্থন যোগাব পৰা তথা বৃহৎ পৰিসৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰা আহিলা বুলি উল্লেখ কৰে।