December 16, 2025 1:29 PM

views 43

নগাঁৱৰ ধিঙত ৩,৪৭১ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৭১ বিঘা ভূমিত আজি পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। অহা ২০ ডিচেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ বাবে তিনি শতাধিক আৰক্ষী-জোৱান নিয়োগ কৰা হৈছে। প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই চৰকাৰী ভূমি দখল কৰি একাংশ লোকে মীন পালনৰ বাবে পুখুৰী খননৰ ব্যৱস্থা কৰিছিল। প্ৰশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰে। এই অনুসৰি অঞ্চলটোৰ শালনাবাৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি আৰু ৰৌমাৰী বিলত উচ্ছেদ চলোৱা হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰ...

December 13, 2025 9:23 PM

views 30

ধিং ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত অহা ১৬ ডিচেম্বৰত নগাওঁ জিলা প্রশাসনৰ উচ্ছেদ অভিযান

নগাওঁ জিলা প্রশাসনে অহা ১৬ ডিচেম্বৰত ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা মাগুৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই আজি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটগুৰি, ৰৌমাৰী বিল, মৈৰাধবজ গাঁৱত থকা প্ৰাকৃতিক পানীৰ সুতি ৰুদ্ধ কৰি অবৈধভাৱে পুখুৰী বান্ধ নিৰ্মাণ কৰিছে। যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ যোৱাত গাওঁবাসীয়ে সমস্যাৰ সন্মুখীন হৈছে। প্ৰাকৃতিক পানীৰ সুঁতি পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্...