September 27, 2026 11:32 AM | World Tourism Day

printer

সমগ্র বিশ্বতে আজি বিশ্ব পর্যটন দিবস উদযাপন

সমগ্র বিশ্বতে আজি বিশ্ব পর্যটন দিবস উদযাপন কৰা হৈছে। এই দিনটোৱে জনসাধাৰণ সৈতে সংযোগ, সাংস্কৃতিক আদান-প্রদান আৰু অর্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বত আলোকপাত কৰে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে: Digital Agenda & Artificial Intelligence to Redesign Tourism। এই বিষয় বস্তুবে পর্যটন গঢ়ি তোলাত প্ৰযুক্তিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে।

আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত পৰ্যটন সচিব ভূবনেশ কুমাৰে কয়, যে পর্যটনে অর্থনীতি আৰু নিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তাত আলোকপাত কৰি সচিবগৰাকীয়ে কয়, যে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি উত্তৰত হিমালয়ৰ পৰা দক্ষিণৰ সাগৰলৈ দেশৰ চহকী বন্যপ্ৰাণী, সংস্কৃতি আৰু ঐতিহ্যই পর্যটন খণ্ডত অৰিহণা যোগাইছে।