ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ’ পি ২৯ আজি আজাৰবাইজানৰ বাকুত আৰম্ভ হ’ব। বিত্তীয় চি অ’ পি হিচাপে খ্যাত ১৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে পৰৱৰ্তিত জলবায়ুৰ প্রভাৱে ক্ষতিগ্রস্ত কৰা দেশসমূহৰ বাবে নতুন জলবায়ু বিত্তৰ লক্ষ্যত উপনীত হোৱাৰ হকে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই কাৰ্যসূচীত ভাৰতকে ধৰি প্ৰায় ২০০ খন দেশৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰি উন্নয়নশীল দেশসমূহৰ বাবে সমর্থন সৃষ্টি, জলবায়ুৰ স্থায়িত্ব শক্তিশালী কৰা, গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাকে ধৰি পেৰিছ চুক্তিৰ লক্ষ্য ত্বৰান্বিত কৰাৰ হকে আলোচনা কৰিব। জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাৰ বাবে, বিশেষকৈ উন্নয়নশীল দেশসমূহত প্রয়োজনীয় বিত্তৰ পৰিমাণ যথেষ্ট নোহোৱাৰ পৰিপ্ৰেক্ষিতত চি অ’ পি ২৯ত লোৱা এটা শক্তিশালী বিত্তীয় সিদ্ধান্তই নতুন কাম-কাজৰ সূচনা কৰিব পাৰে। ভাৰতকে ধৰি গ্লোবেল ছাউথৰ দেশসমূহৰ বাবে প্ৰযুক্তি, শক্তি-সম্পদ তথা বিত্তীয় উপলব্ধতা, জলবায়ু পৰিৱৰ্তনৰ জৰিয়তে প্ৰভাৱিত সম্প্ৰদায়ৰসমূহৰ সুৰক্ষা তথা জলবায়ু সম্পৰ্কীয় লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে। জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ যোগানৰ বাবে গোলকীয় জলবায়ু বিত্ত ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
Assamese | November 11, 2024 11:50 AM | COP 29
আজাৰবাইজানত আজি ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন