November 22, 2024 5:49 PM

views 45

বাকোত অনুষ্ঠিত চি অ’ পি 29 ত জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত ভাৰতৰ

ভাৰতে আজাৰবাইজানৰ বাকোত অনুষ্ঠিত চি অ' পি 29 ৰ পূৰ্ণাংগ অধিৱেশনত জলবায়ুৰ ক্ষেত্ৰত পৰ্যাপ্ত বিত্তীয় সাহায্যৰ পৰিৱৰ্তে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কৈছে যে ভাৰতে সম বিচাৰ সম্পন্ন উন্নয়নশীল দেশসমূহৰ হৈ বলিভিয়াই প্ৰকাশ কৰা বক্তব্যৰ সমৰ্থনত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। ভাৰতে কয়, যে গোলকীয় দক্ষিণৰ দেশসমূহে একেৰাহে জলবায়ু পৰিৱৰ্তনৰ ব্যাপক প্ৰভাৱৰ সন্মুখীন হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে হোৱা যুঁজ...

November 11, 2024 11:50 AM

views 36

আজাৰবাইজানত আজি ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন

ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ' পি ২৯ আজি আজাৰবাইজানৰ বাকুত আৰম্ভ হ'ব। বিত্তীয় চি অ' পি হিচাপে খ্যাত ১৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে পৰৱৰ্তিত জলবায়ুৰ প্রভাৱে ক্ষতিগ্রস্ত কৰা দেশসমূহৰ বাবে নতুন জলবায়ু বিত্তৰ লক্ষ্যত উপনীত হোৱাৰ হকে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই কাৰ্যসূচীত ভাৰতকে ধৰি প্ৰায় ২০০ খন দেশৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰি উন্নয়নশীল দেশসমূহৰ বাবে সমর্থন সৃষ্টি, জলবায়ুৰ স্থায়িত্ব শক্তিশালী কৰা, গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাকে ধৰি পেৰিছ ...