ভাৰতে আজাৰবাইজানৰ বাকোত অনুষ্ঠিত চি অ‘ পি 29 ৰ পূৰ্ণাংগ অধিৱেশনত জলবায়ুৰ ক্ষেত্ৰত পৰ্যাপ্ত বিত্তীয় সাহায্যৰ পৰিৱৰ্তে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কৈছে যে ভাৰতে সম বিচাৰ সম্পন্ন উন্নয়নশীল দেশসমূহৰ হৈ বলিভিয়াই প্ৰকাশ কৰা বক্তব্যৰ সমৰ্থনত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। ভাৰতে কয়, যে গোলকীয় দক্ষিণৰ দেশসমূহে একেৰাহে জলবায়ু পৰিৱৰ্তনৰ ব্যাপক প্ৰভাৱৰ সন্মুখীন হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে হোৱা যুঁজখন জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ ৰূপৰেখা সন্মিলন অর্থাৎ ইউ এন এফ চি চি চি আৰু পেৰিছ চুক্তি অনুসৰি হ‘ব লাগে। ভাৰতে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সমাধান হিচাপে ৫টা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। সেইকেইটা হৈছে – জলবায়ু সাহায্যৰ ক্ষেত্ৰত নতুন সামুহিক পৰিমাণিকৰণ লক্ষ্য, ইয়াৰ প্ৰভাৱ হ্ৰাস কৰা কাৰ্যসূচী, ন্যায়োচিত পৰিৱৰ্তন, গোলকীয় ষ্টকটেক আৰু অভিযোজন।
Assamese | November 22, 2024 5:49 PM | COP 29
বাকোত অনুষ্ঠিত চি অ’ পি 29 ত জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত ভাৰতৰ