অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ আজি এখন গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ আব্দুল খালেক, প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, নিখিল ভাৰত কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অসমৰ তত্বাবধায়ক চৰণচিং চাপ্ৰাৰ লগতে জিলা কংগ্ৰেছৰ অধ্যক্ষসকল, জ্যেষ্ঠ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্টসকল উপস্থিত থাকে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগে কেনেধৰণে তৎপৰতা আগবঢ়াব সেই বিষয়ে সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়।
Assamese | November 28, 2025 9:07 PM | Congress Meeting
গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠক