November 28, 2025 9:07 PM

views 50

গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠক

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ আজি এখন গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ আব্দুল খালেক, প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, নিখিল ভাৰত কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অসমৰ তত্বাবধায়ক চৰণচিং চাপ্ৰাৰ লগতে জিলা কংগ্ৰেছৰ অধ্যক্ষসকল, জ্যেষ্ঠ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্টসকল উপস্থিত থাকে। ২০২৬ ...

April 5, 2024 12:02 PM

views 113

তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছেঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তৃণমূল কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। তেওঁ লগতে সন্দেশখালীৰ অপৰাধীসকল জীৱনৰ বাকী কাল কাৰাগাৰত অতিবাহিত কৰিব লাগিব বুলি মন্তব্য কৰিছে। কোচবিহাৰৰ ৰাসলীলা ময়দানত কালি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, একমাত্র বিজেপিহে মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশায্য বন্ধ কৰিব পাৰে। শ্ৰীমোদীয়ে কয় যে, বৰ্তমানৰ পশ্চিম বংগ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণত বাধাৰ সৃষ্টি ক...

April 1, 2024 11:56 AM

views 104

দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কে চি বেনুগোপাল আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। বিহাৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলো এই বৈঠকত উপস্থিত থাকে।