মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কামকাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক আর্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পোৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়।
নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া-কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ড০ শর্মাই আনখন বৈঠকত পণ্যাগাৰ নিগমৰ অধীনৰ গুডাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থা অত্যাধুনিক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কাৰ্যপ্ৰণালী আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভতো এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।
বৈঠকত নিগমৰ বৰ্তমানৰ বিদ্যুৎ উৎপাদন, লাভ লোকচানৰ স্থিতি, শক্তি কেন্দ্ৰসমূহৰ শুল্ক তথা কেন্দ্ৰসমূহৰ গেছ যোগানৰ স্থিতি, সৌৰ শক্তি, আৱৰ্জনাৰ পৰা শক্তি উৎপাদন আদি বিভিন্ন বিষয়ৰ বিশ্লেষণ কৰা হয়। ড০ শৰ্মাই ৰাজ্যৰ সকলো সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ জলবিদ্যুৎ প্রকল্পৰ বিস্তৃত প্রকল্প প্রতিবেদন শীঘ্ৰে প্ৰস্তুত কৰি প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।