September 5, 2026 11:09 AM
8
অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কামকাজৰ পৰ্যালোচনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কামকাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক আর্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পোৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়। নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া-কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ড০ শর্মাই...