কেন্দ্ৰীয় চৰকাৰে আজি প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত আদৰ্শ সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনা জাৰী কৰিছে। নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিযোগে কৈছে যে, এই আঁচনিৰ অধীনত দেশজুৰি প্ৰতিখন জিলাতে এখনকৈ আদর্শ সৌৰ গাঁও গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত মুঠ ৮০০ কোটি টকাৰ ব্যয় ধাৰ্য্য কৰা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি, এই আঁচনিৰ অন্তৰ্ভুক্ত হ‘বলৈ এখন গাঁও ৫ হাজাৰতকৈ অধিক জনসংখ্যাৰ ৰাজহ গাঁও অথবা বিশেষ শ্ৰেণীৰ ৰাজ্যৰ ক্ষেত্ৰত দুহেজাৰতকৈ অধিক জনসংখ্যাৰ ৰাজহ গাঁও হ‘ব লাগিব। মন্ত্ৰ্যালয়ে কৈছে যে প্ৰতিখন জিলাৰ সৰ্বাধিক নবীকৰণযোগ্য শক্তি ক্ষমতা থকা বিজয়ী গাঁৱক ১ কোটি টকাৰ কেন্দ্ৰীয় আর্থিক সাহায্য প্ৰদান কৰা হ‘ব ।
Assamese | August 12, 2024 7:57 PM | Central Govt.
প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যকৰী নিৰ্দেশনা জাৰী