October 28, 2025 8:47 PM | Central Govt.

printer

নাগালেণ্ডলৈ ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ দ্বিতীয় কিস্তিৰ ২০ কোটি টকা মোকলাই দিয়াত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ দ্বিতীয় কিস্তি হিচাপে নাগালেণ্ডলৈ আগতীয়াকৈ ২০ কোটি টকা মোকলাই দিয়াত অনুমোদন জনাইছে। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে এই সিদ্ধান্তত অনুমোদন জনায়। কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে প্রাকৃতিক দুর্যোগ আৰু বিপৰ্যয়ৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈ আহিছে আৰু ৰাজ্যসমূহৰ প্ৰয়োজনীয় সকলো সহায় আগবঢ়াই আহিছে। মন্ত্রালয়ে কয় যে চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ অধীনত ২৭ খন ৰাজ্যলৈ ১৫ হাজাৰ ৫৪৪ কোটি আৰু ৰাষ্ট্ৰীয় দুর্যোগ সহাৰি পুজিৰ অধীনত ১৫ খন ৰাজ্যলৈ দুহেজাৰ ২৬৭ কোটি টকা মোকলাই দিছে। ইয়াৰ উপৰি ৰাজ্যিক দুর্যোগ প্রশমন পুঁজিৰ পৰা ২১ খন ৰাজ্যলৈ ৪ হাজাৰ ৫৭১ কোটি আৰু ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন পুজিৰ পৰা ৯ খন ৰাজ্যলৈ ৩৭২ কোটি টকাৰো অধিক টকা মোকলাই দিয়া হৈছে বুলি মন্ত্রালয়ে প্রকাশ কৰিছে।