কেন্দ্রীয় মন্ত্রীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ ১৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে‘লপথ দ্বৈতকৰণত অনুমোদন জনাইছে। উত্তৰ-পূব সীমান্ত ৰে‘লৱেৰ ৩ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প ৰূপায়ণ কৰিব । উল্লেখযোগ্য যে এই ৰে‘লপথছোৱা উজনি অসমৰ সৈতে দেশৰ বাকী অংশক সংযোগ কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। দ্বৈতকৰণৰ ফলত ৰে‘লপথছোৱাৰে ৰে‘ল চলাচলৰ সুবিধা হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৰে‘ল সংযোগ অধিক উন্নত কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্রীসভাই কালি অসমৰ উপৰি কৰ্ণাটক, তেলেংগানা আৰু বিহাৰৰ বাবে মুঠ ১২ হাজাৰ ৩২৮ কোটি টকা ব্যয়সাপেক্ষ চাৰিটা প্ৰকল্পত অনুমোদন জনায়। এই প্রকল্পসমূহৰ জৰিয়তে ভাৰতীয় ৰে‘ল নেটৱৰ্কত ৫৬৫ কিলোমিটাৰ পথ সংযুক্ত হ‘ব।
Assamese | August 28, 2025 1:17 PM | Central Govt.
ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ ৰে’লপথ দ্বৈতকৰণত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন