খেল

May 16, 2024 8:27 PM

views 73

বৰপেটাত অসম ক্রিকেট সন্থাৰ প্রতিভাশালী পেচ বলাৰৰ সন্ধানত অনুষ্ঠিত শিবিৰত ৪০০ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ

অসম ক্রিকেট সন্থাই প্রতিভাশালী পেচ বলাৰৰ সন্ধানত আজি বৰপেটা জিলাত এটি শিবিৰ অনুষ্ঠিত কৰে। প্ৰতিভাসম্পন্ন বলাৰসকলক বিচাৰি উলিয়াই তেওঁলোকক উপযুক্ত প্রশিক্ষণ প্ৰদান কৰি দক্ষ খেলুৱৈ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যেৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। জিলা ক্রীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ১৪ বছৰ অনূৰ্ধ্ব, ১...

May 16, 2024 8:26 PM

views 62

ডেৰাডুনত অনুষ্ঠিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰৰ পৱিত্ৰ পেগুৰ ব্ৰঞ্জৰ পদক লাভ

উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ তাৰিয়নি জেংৰাই গাঁৱৰ পৱিত্ৰ পেগুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ বাবে মনোনীত হৈছে। ৮ৰ পৰা ১২ মে'লৈ ডেৰাডুনত এই সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

May 16, 2024 6:34 PM

views 60

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীৰ অৱসৰৰ কথা ঘোষণা

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত খেলুৱৈগৰাকীয়ে কয় যে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে খেলিবলগীয়া খেলখন হ'ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল। ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বৰ্তমানৰ অধিনায়ক চেত্ৰীয়ে ২০০৫ চনৰ ১২ ...

May 16, 2024 6:32 PM

views 60

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। হায়দৰাবাদে বৰ্তমানলৈকে ১৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমন গিল ন...

May 16, 2024 11:29 AM

views 66

গুৱাহাটীত অনুষ্ঠিত আই পি এলৰ খেলত ৰাজস্থান ৰয়েলছক পাঞ্জাব কিংছৰ ৫ উইকেটত পৰাস্ত

পাঞ্জাব কিংছে যোৱানিশা গুৱাহাটীত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৪ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৩৪টা বলত ৪৮ ৰান কৰে। পাঞ্জাব কিংছে আৰম্ভণিতে ...

May 16, 2024 11:25 AM

views 54

ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ সোণৰ পদক অর্জন

অলিম্পিকত সোণৰ পদক বিজেতা নীৰজ চোপ্ৰাই কালি ভূৱনেশ্বৰত অনুষ্ঠিত ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অর্জন কৰে। ২৬ বছৰীয়া চোপ্ৰাই প্রতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত সংঘর্ষ কৰিবলগীয়া হয় আৰু প্ৰথম তিনিটা ৰাউণ্ডৰ অন্তত দ্বিতীয় স্থানত থাকে। খেলুৱৈগৰাকীয়ে চতুৰ্থ ৰাউণ্ডত ২৮ দশমিক ২-৭ মিটাৰল...

May 15, 2024 6:05 PM

views 66

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। বৰ্তমানলৈকে ১৬ পইণ্ট অর্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে গুৱাহাটীত অহা ১৯ ...

May 15, 2024 11:28 AM

views 63

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত গুৱাহাটীত হ'বলগীয়া এখন খেলত আজি ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। বর্তমানলৈকে ১৬ পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে পাঞ্জাব কিংছ ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ প...

May 15, 2024 11:25 AM

views 56

টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰাৰ বিশ্ব ৰেংকিঙত ২৪সংখ্যক স্থান লাভ

দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰা মহিলাৰ ছিংগলছৰ বিশ্ব ৰেংকিঙত শীৰ্ষৰ ২৫গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ ৰূপে পৰিগণিত হৈছে। খেলুৱৈগৰাকীয়ে যোৱা সপ্তাহত অনুষ্ঠিত চৌদি স্মেছ প্রতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ বাবে খেলুৱৈ জীৱনৰ সর্বশ্রেষ্ঠ ২৪সংখ্যক ৰে...

May 14, 2024 8:53 PM

views 69

এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত মাজুলীৰ পৱিত্র নাথৰ স্থান লাভ

এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে মাজুলীৰ পৱিত্র নাথে ভাৰতীয় দলত স্থান লাভ কৰিছে। যোৱা ১১ আৰু ১২ মে’ত কেৰালাৰ কোচিত অনুষ্ঠিত যোগ্যতা নিৰূপণকাৰী খেলৰ জৰিয়তে খেলুৱৈগৰাকীয়ে দলটোত স্থান লাভ কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে দক্ষিণ এছিয় ক্রীড়া সমাৰোহত সোণ আৰু বিশ্ব ব’ডী বিল্ডিং এণ্ড ...